Product SiteDocumentation Site

Red Hat Enterprise Linux 5

5.8 উন্মোচন টোকাসমূহ

Red Hat Enterprise Linux 5.8 -ৰ বাবে উন্মোচন টোকাসমূহ

সংস্কৰণ 8


আইনসন্মত ঘোষণা

Copyright © 2012 Red Hat, Inc.
The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
MySQL® is a registered trademark of MySQL AB in the United States, the European Union and other countries.
All other trademarks are the property of their respective owners.


1801 Varsity Drive
 RaleighNC 27606-2072 USA
 Phone: +1 919 754 3700
 Phone: 888 733 4281
 Fax: +1 919 754 3701

সাৰাংশ
Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ ঠিক কৰা এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux 5.8 উন্মোচন টোকাসমূহে এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 5 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক অনুপ্ৰয়োগসমূহলে কৰা মুখ্য পৰিৱৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰীত টোকাসমূহ পাব কাৰিকৰী টোকাসমূহ -ত।

পাতনি
1. ইনস্টল প্ৰক্ৰিয়া
2. কাৰনেল
2.1. কাৰনেল প্লেটফৰ্ম সম্প্ৰসাৰণসমূহ
2.2. কাৰনেল বৰ্গীয় বৈশিষ্টসমূহ
3. ডিভাইচ ড্ৰাইভাৰসমূহ
3.1. সংৰক্ষণ ড্ৰাইভাৰসমূহ
3.2. নেটৱাৰ্ক ড্ৰাইভাৰসমূহ
3.3. গ্ৰাফীয় ড্ৰাইভাৰসমূহ
4. নথিপত্ৰ প্ৰণালী আৰু সংৰক্ষণ ব্যৱস্থাপনা
5. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্যকৰীতা
6. অনুজ্ঞা
7. সুৰক্ষা, প্ৰামাণিকসমূহ আৰু প্ৰমাণীকৰণ
8. থুপ খোৱা আৰু উচ্চ উপলব্ধতা
9. ভাৰছুৱেলাইজেষণ
9.1. Xen
9.2. KVM
9.3. SPICE
10. সাধাৰন আপডেইটসমূহ
A. পুনৰীক্ষণৰ ইতিহাস

পাতনি

উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 5.8 -ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। Red Hat Enterprise Linux -ত 5.8 আপডেইটৰ কাৰণে হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ কাৰণে, চাওক কাৰিকৰী টোকাসমূহ

টোকা

Red Hat Enterprise Linux 5.8 উন্মোচন টোকাসমূহৰ সকলোতকৈ সেহতীয়া সংস্কৰণৰ কাৰণে চাওক অনলাইন উন্মোচন টোকাসমূহ

অধ্যায় 1. ইনস্টল প্ৰক্ৰিয়া

IPoIB -ৰে ইনস্টল
Red Hat Enterprise Linux 5.8 -এ Infiniband (IPoIB) আন্তঃপৃষ্ঠৰে IP -ৰে ইনস্টল সমৰ্থন কৰে।

অধ্যায় 2. কাৰনেল

2.1. কাৰনেল প্লেটফৰ্ম সম্প্ৰসাৰণসমূহ

সেৱাৰ শক্তি ব্যৱস্থাপনা গুণ
সেৱাৰ শক্তি ব্যৱস্থাপনা পৰিমাণ (pm_qos) অন্তৰগাথনীৰ বাবে সমৰ্থন Red Hat Enterprise Linux 5.8 ত যোগ কৰা হৈছে। pm_qos আন্তঃপৃষ্ঠয় ড্ৰাইভাৰসমূহ, উপচিস্টেমসমূহ আৰু ব্যৱহাৰকাৰী স্থান অনুপ্ৰয়োগসমূহৰ বাবে বৰ্তমানে সমৰ্থিত pm_qos প্ৰাচলসমূহ: cpu_dma_latency, network_latency, network_throughput ৰ এটাৰ বাবে পৰিৱেশন প্ৰত্যাশাসমূহ ৰেজিস্টাৰ কৰিবলে এটা কাৰনেল আৰু ব্যৱহাৰকাৰী অৱস্থা প্ৰদান কৰে। অধিক তথ্যৰ বাবে, /usr/share/doc/kernel-doc-<VERSION>/Documentation/power/pm_qos_interface.txt চাওক।
PCIe 3.0 সমৰ্থন
Red Hat Enterprise Linux 5.8 এ ID-ভিত্তিয় ক্ৰম, OBFF (অনুকূলিত বাফাৰ ফ্লাশ/পূৰ্ণ) সামৰ্থবান/অসামৰ্থবান সমৰ্থন, আৰু লেটেঞ্চি সহ্য সংবাদ সামৰ্থবান/অসামৰ্থবান সমৰ্থন যোগ কৰি PCIe 3.0 সম্পূৰ্ণ কাৰ্য্যত সমৰ্থন প্ৰদান কৰে।
ALSA HD অডিঅ' সমৰ্থন
Intel ৰ পৰৱৰ্তী প্লেটফৰ্ম নিয়ন্ত্ৰক হাবত ALSA HD অডিঅ'ৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
যোগ কৰা ডিভাইচ IDসমূহ
নিম্নলিখিত ড্ৰাইভাৰসমূহ: SATA, SMBus, USB, Audio, Watchdog, I2C ৰ বাবে Intel ৰ পৰৱৰ্তী প্লেটফৰ্ম নিয়ন্ত্ৰক হাবৰ সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰিবলে ডিভাইচ IDসমূহ যোগ কৰা হৈছে।
StarTech PEX1P
StarTech 1 Port PCI এক্সপ্ৰেচ সমান্তৰাল পোৰ্টৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
configure-pe RTAS কল
PowerPC প্লেটফৰ্মত configure-pe RTAS (চলনসময় নিষ্কাশন সেৱা) কলৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
উন্নত JSM ড্ৰাইভাৰ
JSM ড্ৰাইভাৰক IBM POWER7 চিস্টেমসমূহত Bell2 (PLX chip ৰ সৈতে) 2-পোৰ্ট এডাপ্টাৰ সমূৰ্থন কৰিবলে উন্নত কৰা হৈছে। অতিৰিক্তভাৱে, EEH সমৰ্থন JSM ড্ৰাইভাৰলে যোগ কৰা হৈছে।

2.2. কাৰনেল বৰ্গীয় বৈশিষ্টসমূহ

RSS আৰু স্বাপ আকাৰ তথ্য
Red Hat Enterprise Linux 5.8 ত, /proc/sysvipc/shm নথিপত্ৰ (যি ব্যৱহৃত অংশীদাৰী মেমৰিৰ এটা তালিকা প্ৰদান কৰে) এতিয়া RSS (মেমৰিত অৱস্থিত প্ৰক্ৰিয়াৰ অৱস্থিত সংহতি আকাৰ—) আৰু শ্বাপ আকাৰ তথ্য অন্তৰ্ভুক্ত কৰে।
OProfile সমৰ্থন
Intel ৰ Sandy Bridge প্লেটফৰ্মত OProfile প্ৰফাইলাৰৰ বাবে সমৰ্থন সকলো কেন্দ্ৰীত ঘটনা (সংক্ষিপ্ত ঘটনা-ভিত্তিয় নমুনাৰ বাহিৰে) সমৰ্থন কৰি যোগ কৰা হৈছে।
Wacom Bamboo MTE-450A
Red Hat Enterprise Linux 5.8 এ Wacom Bamboo MTE-450A টেবলেটৰ বাবে সমৰ্থন যোগ কৰে।
X-keys জগ আৰু শাট্ল প্ৰো
X-keys জগ আৰু শাট্ল প্ৰো ডিভাইচৰ বাবে সমৰ্থন Red Hat Enterprise Linux 5.8 লে যোগ কৰা হৈছে।
বান্ধনী মডিউলে NICসমূহৰ বাবে সকলো গতি প্ৰদান কৰে।
কাৰনেলৰ বান্ধনী মডিউলে যিকোনো নেটৱাৰ্ক আন্তঃপৃষ্ঠ নিয়ন্ত্ৰকৰ বাবে বৰ্তমান সংযোগ-গতিৰ সংবাদ দিয়ে। পূৰ্বতে, বান্ধনী মডিউলে কেৱল 10/100/1000/10000 গতিৰ সংবাদ দিছিল। এই পৰিৱৰ্তনে ব্লেইড আবুৰ পৰিৱেশসমূহত যি অপ্ৰামাণিক গতি যেনে 9 Gbs ব্যৱহাৰ কৰিব পাৰে তাত সংযোগ-গতিৰ সঠিক সংবাদ প্ৰদান কৰে।
অণুমদিত ক্ৰমিক আন্তঃপৃষ্ঠসমূহৰ সৰ্বাধিক সংখ্যা
CONFIG_SERIAL_8250_NR_UARTS প্ৰাচলে কাৰনেল দ্বাৰা সমৰ্থন কৰা ক্ৰমিক আন্তঃপৃষ্ঠসমূহৰ সৰ্বাধিক সংখ্যাৰ বিৱৰণ দিয়ে। Red Hat Enterprise Linux 5.8 ত, CONFIG_SERIAL_8250_NR_UARTS প্ৰাচলৰ মান 64 লে বৃদ্ধি কৰা হৈছে সেই চিস্টেমসমূহৰ বাবে যাৰ ৩২ ৰ অধিক (আৰু ৬৪ লৈকে) কনচৌল সংযোগসমূহ আছে।
/etc/kdump.confblacklist বিকল্প
blacklist বিকল্প এতিয়া Kdump সংৰূপৰ বাবে উপলব্ধ। এই বিকল্পয় মডিউলসমূহক initramfs ত ল'ড হোৱাৰ পৰা প্ৰতিৰোধ কৰে। অধিক তথ্যৰ বাবে, kdump.conf(5) হাতপুথি চাওক।
Kdump initrdfnic and iscsi সমৰ্থন
fnic আৰু iscsi ড্ৰাইভাৰসমূহৰ বাবে সমৰ্থন Kdump ৰ আৰম্ভণি RAM ডিস্ক (initrd) লে যোগ কৰা হৈছে।
Xen HVM অতিথিসমূহত Kdump
Xen HVM অতিথিসমূহত Kdump এতিয়া Red Hat Enterprise Linux 5.8 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে সামৰ্থবান কৰা হৈছে। এটা স্থানীয় ডাম্পক এটা ইমুলেটেড (IDE) ডিস্কলে এটা Intel CPU ৰ সৈতে এটা Intel 64 হাইপাৰভাইছৰ ব্য৺হাৰ কৰি পৰিৱেশন কৰাটো হল একমাত্ৰ সমৰ্থিত প্ৰণয়ন। মন কৰিব যে ডাম্প লক্ষ্য /etc/kdump.conf নথিপত্ৰত ধাৰ্য্যত থাকিব লাগিব।

অধ্যায় 3. ডিভাইচ ড্ৰাইভাৰসমূহ

3.1. সংৰক্ষণ ড্ৰাইভাৰসমূহ

  • IBM Power Linux RAID SCSI HBAs ৰ বাবে ipr ক SAS VRAID কাৰ্য্যসমূহ সামৰ্থবান কৰিবলে আৰু নতুন এডাপ্টাৰসমূহৰ বাবে বিৱৰণসমূহ যোগ কৰিবলে উন্নত কৰা হৈছে।
  • megaraid ড্ৰাইভাৰক সংস্কৰণ 5.40 লে উন্নত কৰা হৈছে, যি স্খলিত RAID 1 ৰ সৈতে কাম কৰিবলে FastPath I/O ৰ বাবে সমাধান প্ৰদান কৰে।
  • Panther পোইন্ট PCH ড্ৰাইভাৰক Intel Panther পোইন্ট ডিভাইচ IDসমূহৰ বাবে AHCI (Advanced Host Controller Interface) অৱস্থা যোগ কৰিবলে উন্নত কৰা হৈছে।
  • qla2xxx 4G আৰু 8G ড্ৰাইভাৰ ফাৰ্মৱেৰক সংস্কৰণ 5.06.01 লে উন্নত কৰা হৈছিল।
  • QLogic ফাইবাৰ চেনেল HBAs ৰ বাবে qla2xxx ড্ৰাইভাৰ সংস্কৰণ 8.03.07.09.05.08-k লে উন্নত কৰা হৈছে, যি যেতিয়া ব্যৰ্থতাৰ সন্মুখিন হোৱা হয় এটা ডাম্প (এটা মিনিডাম্প) গ্ৰহণ কৰিবলে ISP82xx ৰ বাবে সমৰ্থন প্ৰদান কৰে।
  • qla4xxx ড্ৰাইভাৰক সংস্কৰণ 5.02.04.00.05.08-d0 লে উন্নত কৰা হৈছে।
  • Emulex ফাইবাৰ চেনেল হস্ট বাচ এডাপ্টাৰসমূহৰ বাবে lpfc ড্ৰাইবাৰক সংস্কৰণ 8.2.0.108.1p লে উন্নত কৰা হৈছে।
  • cciss ক শেহতীয়া সংস্কৰণলে উন্নত কৰা হৈছে, যি CCISS সহজ অৱস্থাৰ বাবে সমৰ্থন দিবলে এটা কমান্ড শাৰী চুইচ যোগ কৰে।
  • ServerEngines BladeEngine 2 মুক্ত iSCSI ডিভাইচসমূহৰ বাবে be2iscsi ড্ৰাইভাৰক উন্নত কৰা হৈছে pci_disable ডিভাইচ বিকল্প আৰু এটা বন্ধ কৰাৰ কাৰ্য্যক্ৰম সমৰ্থন কৰিবলে।
  • Broadcom NetXtreme II iSCSI ৰ বাবে bnx2i ড্ৰাইভাৰ সংস্কৰণ 2.7.0.3 লে উন্নত কৰা হৈছে।
  • বিৱৰিত SCSI I/O ত্ৰুটিসমূহ যোগ কৰিবলে কাৰনেল বহুপথ ড্ৰাইভাৰ উন্নত কৰা হৈছে।
  • bfa ফাৰ্মৱেৰ সংস্কৰণ 3.0.2.2 লে উন্নত কৰা হৈছিল।
  • bfa ড্ৰাইভাৰক নিম্নলিখিত সম্প্ৰসাৰণসমূহ অন্তৰ্ভুক্ত কৰিবলে উন্নত কৰা হৈছিল:
    • ফ্লেশ বিভাজনসমূহৰ সংৰূপৰ বাবে সমৰ্থন।
    • fcport পৰিসংখ্যাসমূহ সংগ্ৰহ আৰু পুনৰসংহতি কৰিবলে সমৰ্থন।
    • I/O প্ৰফাইলিং বাবে সমৰ্থন।
    • উন্নত RME প্ৰতিৰোধ নিয়ন্ত্ৰণ।
    • FC-পৰিৱহন অষংমিহলিত ঘটনা অধিসূচনাৰ বাবে সমৰ্থন।
    • ভৌতিক স্তৰ নিয়ন্ত্ৰণ (PHY) প্ৰশ্নৰ বাবে সমৰ্থন।
    • হস্ট বাচ এডাপ্টাৰসমূহ (HBA) বিশ্লেষণৰ বাবে সমৰ্থন।
    • সৰু বিন্যাস কাৰক (SFP) তথ্য গ্ৰহণ কৰিবলে সমৰ্থন।
    • CEE তথ্য আৰু পৰিসংখ্যা প্ৰশ্নৰ বাবে সমৰ্থন।
    • ফেব্ৰিক ধাৰ্য্যত ঠিকনা (FAA) ৰ বাবে সমৰ্থন।
    • ড্ৰাইভাৰ/fw পৰিসংখ্যা সংগ্ৰহ কৰাৰ আৰু এডাপ্টাৰ/ioc সামৰ্থবান/অসামৰ্থবান কাৰ্য্যসমূহ পৰিৱেশন কৰাৰ বাবে সমৰ্থন।
  • mpt2sas ড্ৰাইভাৰক সংস্কৰণ 09.100.00.00 লে উন্নত কৰা হৈছিল, যি গ্ৰাহক বিশেষ ব্ৰেণ্ডিংৰ বাবে সমৰ্থন যোগ কৰে।
  • mptsas ড্ৰাইভাৰক সংস্কৰণ 3.04.20rh লে উন্নত কৰা হৈছিল।
  • isci ড্ৰাইভাৰক অস্থা মেচিন আন্তঃপৃষ্ঠলে ধৰণ সুৰক্ষা যোগ কৰিবলে আৰু Intel ৰ পৰৱৰ্তী চিপচেটৰ বাবে সমৰ্থন যোগ কৰিবলে উন্নত কৰা হৈছে।
  • uIP ড্ৰাইভাৰক উন্নত iscsi-initiator-utils পেকেইজৰ অংশ হিচাপে সংস্কৰণ 0.7.0.12 লে উন্নত কৰা হৈছে।
  • megaraid_sas ড্ৰাইভাৰক সংস্কৰণ 5.40-rh1 লে উন্নত কৰা হৈছে।

3.2. নেটৱাৰ্ক ড্ৰাইভাৰসমূহ

  • bnx2x ড্ৰাইভাৰ ফাৰ্মৱেৰক সংস্কৰণ 7.0.23 লে উন্নত কৰা হৈছে, যি নতুন Broadcom 578xx চিপসমূহৰ বাবে সমৰ্থন যোগ কৰে।
  • bnx2x ড্ৰাইভাৰক সংস্কৰণ 1.70.x লে উন্নত কৰা হৈছে।
  • bnx2i ড্ৰাইভাৰক সংস্কৰণ 2.7.0.3+ লে উন্নত কৰা হৈছে।
  • bnx2 ড্ৰাইভাৰক সংস্কৰণ 2.1.11 লে উন্নত কৰা হৈছে।
  • cnic ড্ৰাইভাৰক সংস্কৰণ 2.5.3+ লে উন্নত কৰা হৈছে।
  • নেটৱাৰ্ক ডিভাইচসমূহৰ Chelsio T3 পৰিয়ালৰ বাবে cxgb3 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
  • Chelsio Terminator4 10G সংযুক্ত তাঁৰ নেটৱাৰ্ক নিয়ন্ত্ৰকসমূহৰ বাবে cxgb4 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
  • iw_cxgb4 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
  • netxen_nic ড্ৰাইভাৰক সংস্কৰণ 4.0.77 লে উন্নত কৰা হৈছে, যি VLAN RX HW ত্বৰণৰ বাবে সমৰ্থন যোগ কৰে।
  • Broadcom Tigon3 ইথাৰনেট ডিভাইচসমূহৰ বাবে tg3 ড্ৰাইভাৰক সংস্কৰণ 3.119 লে উন্নত কৰা হৈছে।
  • Intel 10 Gigabit PCI Express নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে ixgbe ড্ৰাইভাৰক আপস্ট্ৰিম সংস্কৰণ 3.4.8-k লে উন্নত কৰা হৈছে।
  • ixgbevf ড্ৰাইভাৰক আপস্ট্ৰিম সংস্কৰণ 2.1.0-k লে উন্নত কৰা হৈছে।
  • igbvf ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
  • Intel Gigabit Ethernet এডাপ্টাৰসমূহৰ বাবে igb ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে, যি এনট্ৰপি সমৰ্থন যোগ কৰে। \n
  • Intel 82563/6/7, 82571/2/3/4/7/8/9, আৰু 82583 PCI-E নিয়ন্ত্ৰকসমূহৰ পৰিয়ালৰ বাবে e1000e ড্ৰাইভাৰ সংস্কৰণ 1.4.4 লে উন্নত কৰা হৈছে। \n
  • Intel PRO/1000 PCI আৰু নিয়ন্ত্ৰকসমূহৰ PCI-X এডাপ্টাৰসমূহৰ পৰিয়ালৰ বাবে e1000 ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
  • bna ড্ৰাইভাৰক সংস্কৰণ 3.0.2.2 লে উন্নত কৰা হৈছে, যি Brocade 1860 AnyIO ফেব্ৰিক এডাপ্টাৰৰ বাবে সমৰ্থন যোগ কৰে।
  • qlge ড্ৰাইভাৰক সংস্কৰণ 1.00.00.29 লে উন্নত কৰা হৈছে।
  • HP NC-Series QLogic 10 Gigabit চাৰ্ভাৰ এডাপ্টাৰসমূহৰ বাবে qlcnic ড্ৰাইভাৰক সংস্কৰণ 5.0.18 লে উন্নত কৰা হৈছে।
  • ServerEngines BladeEngine2 10Gbps নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে be2net ড্ৰাইভাৰক শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে উন্নত কৰা হৈছে।
  • Cisco 10G ইথাৰনেট ডিভাইচসমূহৰ বাবে enic ড্ৰাইভাৰক সংস্কৰণ 2.1.1.24 লে উন্নত কৰা হৈছে।
  • nbd ড্ৰাইভাৰক I/O কাৰ্য্যসমূহৰ বাবে এটা ব্যৱহাৰকাৰী-সংহতি কৰিব পৰা সময়অন্ত (NBD_SET_TIMEOUT) যোগ কৰিবলে উন্নত কৰা হৈছে।

3.3. গ্ৰাফীয় ড্ৰাইভাৰসমূহ

  • Intel ৰ i810 গ্ৰাফীয় ড্ৰাইভাৰ (xorg-x11-drv-i810 দ্বাৰা প্ৰদান কৰা) ক Ironlake অনুকলিত গ্ৰাফিক্সৰ সৈতে Westmere চিপচেটসমূহৰ বাবে বিভিন্ন বাগসমূহ ঠিক কৰিবলে উন্নত কৰা হৈছে।
  • Matrox mga ভিডিঅো কাৰ্ড ড্ৰাইভাৰক ServerEngines Pilot 3 (Kronos 3) চিপসমূহৰ বাবে সম্পূৰ্ণ বিভেদন সমৰ্থন প্ৰদান কৰিবলে উন্নত কৰা হৈছে।

অধ্যায় 4. নথিপত্ৰ প্ৰণালী আৰু সংৰক্ষণ ব্যৱস্থাপনা

CLVM মিৰৰ্ড আয়তন প্ৰসাৰনৰ বাবে --nosync বিকল্প
থুপ খোৱা LVM মিৰৰ্ড যৌক্তিক আয়তনসমূহ প্ৰসাৰন কৰিবলে এটা নতুন --nosync বিকল্প অন্তৰ্ভুক্ত কৰে। যেতিয়া --nosync বিকল্প ধাৰ্য্য কৰা হয়, এটা থুপ খোৱা মিৰৰ্ড যৌক্তিক আয়তনে আয়তনক প্ৰসাৰণৰ পিছত সংমিহলি হব নিদিয়ে, বিভৱীয়ভাৱে ৰিক্ত তথ্যৰ সম্পদ বিশেষ সংমিহলি বাদ দিয়াকৈ।
ext4 -ৰ স্বচালিত পুনৰআকাৰ
-r/--resizefs বিকল্পৰ সৈতে lvextend কমান্ড প্ৰেৰণ কৰাৰ পিছত, ext4 নথিপত্ৰ প্ৰণালীয়ে স্বচালিতভাৱে নিজক পুনৰআকাৰ দিয়ে। resize2fs -ৰ সৈতে এটা হস্তচালিত পুনৰআকাৰ পৰিৱেশন কৰা আৰু প্ৰয়োজনীয় নহয়।
NFS ক্লাএন্টসমূহ দ্বাৰা ব্যৱহৃত অসুৰক্ষিত পোৰ্টসমূহ
Red Hat Enterprise Linux 5.8 -ৰ সৈতে, NFS ক্লাএন্টসমূহৰ অসুৰক্ষিত পোৰ্টসমূহ ব্যৱহাৰ কৰাৰ অনুমতি আছে (যাৰ মানে, 1024 আৰু উপৰৰ)।
সক্ৰিয় বহুপথ ডিভাইচসমূহ LVM দ্বাৰা স্কেন কৰা নহয়
LVM -এ আৰু বহুপথ সদস্য ডিভাইচসমূহ (সক্ৰিয় বহুপথ ডিভাইচসমূহৰ বাবে নিম্নৰেখিত পথ) স্কেন নকৰে আৰু উচ্চ স্তৰৰ ডিভাইচসমূহ পছন্দ কৰে। এই ব্যৱহাৰক /etc/lvm/lvm.conf -ত multipath_component_detection বিকল্প ব্যৱহাৰ কৰি বন্ধ কৰিব পাৰি।

অধ্যায় 5. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্যকৰীতা

DNS SRV ৰেকৰ্ডসমূহৰ বাবে সমৰ্থন
DNS SRV ৰেকৰ্ড সমৰ্থন nss_ldap পেকেইজলে যোগ কৰা হৈছে।
পৃষ্ঠিত LDAP লুক-আপসমূহৰ বাবে সমৰ্থন
SSSD এতিয়া এটা অনুৰোধ দ্বাৰা ঘুৰাই দিয়া ৰেকৰ্ডসমূহৰ বৃহত সংখ্যা নিয়ন্ত্ৰণ কৰিবলে এটা পৃষ্ঠিত লুক-আপ পৰিৱেশন কৰিবলে সক্ষম।
নতুন SSSD সংৰূপ বিকল্পসমূহ
Red Hat Enterprise Linux 5.8 -ত, SSSD -এ /etc/sssd/sssd.conf নথিপত্ৰত নিম্নলিখিত নতুন সংৰূপসমূহ সমৰ্থন কৰে:
  • override_homedir
  • allowed_shells
  • vetoed_shells
  • shell_fallback
  • override_gid
এই বিকল্পসমূহৰ বাবে অধিক তথ্যৰ বাবে, sssd.conf(5) হাতপুথি পৃষ্ঠা চাওক।

অধ্যায় 6. অনুজ্ঞা

RHN কালজয়ী অবিকল্পিতভাৱে নিৰ্বাচিত
firstboot ৰ সৈতে এটা চিস্টেম ৰেজিস্টাৰ কৰাৰ সময়ত, RHN কালজয়ী বিকল্প স্বাক্ষৰণ অংশত অবিকল্পিতভাৱে চেক কৰা থাকে।
এটা স্বাক্ষৰণ নৱিকৰণৰ পিছত এটা প্ৰমাণপত্ৰৰ স্বচালিত পুনৰ সৃজন
এতিয়া এটা স্বাক্ষৰণ নৱিকৰণৰ পিছত নতুন অনুজ্ঞা প্ৰমাণপত্ৰসমূহ স্বচালিতভাৱে সৃজন কৰা সম্ভব। এই বৃদ্ধিৰ আগত, গ্ৰাহকসমূহৰ চফ্টৱেৰ আপডেইটসমূহ আৰু অন্য স্বাক্ষৰণ সেৱাসমূহ গ্ৰহণ কৰিবলে প্ৰমাণপত্ৰ হস্তচালিতভাৱে পুনৰ সৃজন কৰাৰ প্ৰয়োজন আছিল। স্বচালিতভাৱে এটা প্ৰমাণপত্ৰ পুনৰ সৃজন কৰিলে সেৱা বাধাসমূহ কম হয়। ব্যৱহাৰকাৰীসমূহক লগতে এনে কিছুমান পৰিস্থিতিৰ কথা কোৱা হয় যত প্ৰমাণপত্ৰসমূহৰ স্বচালিত পুনৰ সৃজন সফল হোৱা নাছিল। অধিক তথ্যৰ বাবে, https://www.redhat.com/rhel/renew/faqs/. চাওক
স্বাক্ষৰণসমূহ স্টেক কৰা
Red Hat Enterprise Linux 5.8 -এ স্বাক্ষৰণ স্টেকিংৰ বাবে সমৰ্থন যোগ কৰিছে। ই সংগত হবলে স্বাক্ষৰণসমূহৰ সংহতিক এটা মেচিনত সংযুক্ত কৰাৰ অনুমতি দিয়ে। স্বাক্ষৰণ স্টেকিংৰ বিষয়ে অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 5 মোতায়েন সহায়ক চাওক।
RHN কালজয়ীৰ পৰা প্ৰমাণপত্ৰ-ভিত্তিয় RHN -লে প্ৰব্ৰজন
Red Hat Enterprise Linux 5.8 -এ RHN কালজয়ী গ্ৰাহকসমূহক প্ৰমাণপত্ৰ-ভিত্তিয় RHN লে প্ৰব্ৰজন কৰিবলে এটা নতুন সঁজুলি অন্তৰ্ভুক্ত কৰে। অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 5 মোতায়েন সহায়ক চাওক।

অধ্যায় 7. সুৰক্ষা, প্ৰামাণিকসমূহ আৰু প্ৰমাণীকৰণ

SCAP 1.1
OpenSCAP -ক SCAP 1.1 (সুৰক্ষা সমল স্বচলন প্ৰটোকল) কাৰ্য্যকৰীতা প্ৰদান কৰিবলে উন্নত কৰা হৈছে।
openssl -লে DigiCert প্ৰমাণপত্ৰ যোগ কৰা হল
Red Hat Enterprise Linux 5.8 -ৰ সৈতে, openssl পেকেইজে DigiCert প্ৰমাণপত্ৰক /etc/pki/tls/certs/ca-bundle.crt নথিপত্ৰ (যি ভৰষাবান ৰুট CA প্ৰমাণপত্ৰসমূহ অন্তৰ্ভুক্ত কৰে)।

অধ্যায় 8. থুপ খোৱা আৰু উচ্চ উপলব্ধতা

পেকেইজসমূহক উচ্চ উপলব্ধতা আৰু স্থিতিস্থাপক সংৰক্ষণ চেনেলসমূহৰ পৰা ইনস্টল কৰা
এটা Red Hat Enterprise Linux 5.8 Beta চিস্টেমত, থুপ আৰু থুপ-সংৰক্ষণ পেকেইজসমূহক cdn.redhat.com -ৰ পৰা ইনস্টল কৰায় সংযুক্ত উৎপাদনসমূহ সৃষ্টি কৰে, উচ্চ উপলব্ধতা আৰু স্থিতিস্থাপক সংৰক্ষণ, ইনস্টল নহোৱা বুলি চিহ্নিত হোৱা। Red Hat -এ Red Hat Enterprise Linux 5.8 Beta ইনস্টল মাধ্যম ব্যৱহাৰ কৰাটো উপদেশ দিয়ে, ইনস্টলৰ সময়ত স্বাক্ষৰণ নম্বৰ প্ৰদান কৰি, পেকেইজসমূহক থুপ আৰু থুপ-সংৰক্ষণ -ৰ পৰা ইনস্টল কৰিবলে। স্বাক্ষৰণ নম্বৰসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, যিসমূহক ইনস্টল নম্বৰ হিচাপেও কোৱা হয়, নিম্নলিখিত KBase অধ্যায় চাওক।

অধ্যায় 9. ভাৰছুৱেলাইজেষণ

9.1. Xen

এটা PV অতিথিলে এটা হস্ট CD-ROM সংযুক্ত কৰা
এটা পাৰাভাৰছুৱেলাইজ্ড অতিথিলে এটা ভাৰছুৱেল খন্ড ডিভাইচ হিচাপে এটা হস্ট CD-ROM সংযুক্ত কৰাটো উন্নত কৰা হৈছে।
অতিথি VBDসমূহৰ চলমান পুনৰআকাৰ
Red Hat Enterprise Linux 5.8 -ত, Xen অতিথিসমূহত ভাৰছুৱেল খন্ড ডিভাইচসমূহে হস্ট-ছাইড বেকিং ডিভাইচসমূহৰ যিকোন অনলাইন পুনৰ-আকাৰ প্ৰতিফলিত কৰে।

9.2. KVM

SPICE QXL ড্ৰাইভাৰসমূহক virtio-win লে যোগ কৰা হল
এটা MSI ইনস্টলাৰ নচলোৱাকৈ সহজ ইনস্টল আৰু ড্ৰাইভাৰসমূহৰ উন্নয়ন সামৰ্থবান কৰিবলে, SPICE QXL ড্ৰাইভাৰসমূহক virtio-win RPM পেকেইজলে যোগ কৰা হৈছে।\n

9.3. SPICE

নতুন pixman পেকেইজ
Red Hat Enterprise Linux 5.8 -এ এটা নতুন pixman পেকেইজ অন্তৰ্ভুক্ত কৰে যি এটা নিম্ন-স্তৰৰ পিক্সেল পৰিৱৰ্তন লাইব্ৰেৰী আৰু বৈশিষ্টসমূহ যেনে ছবি নিৰ্মাণ আৰু ট্ৰেপেজোৱেড ৰেচটেৰাইজেষণ প্ৰদান কৰে। pixman পেকেইজক spice-client পেকেইজৰ এটা নিৰ্ভৰশীলতা হিচাপে যোগ কৰা হৈছে।

অধ্যায় 10. সাধাৰন আপডেইটসমূহ

উন্নত PDF/A সমৰ্থন
Red Hat Enterprise Linux 5.8 এ PDF/A— সংক্ষিপ্ত দস্তাবেজ বিন্যাস— ৰ ISO-প্ৰামাণিত সংস্কৰণৰ বাবে উন্নত সমৰ্থন অন্তৰ্ভুক্ত কৰে ঘস্টস্ক্ৰিপ্ট সংস্কৰণ 9.01 লে উন্নয়ন কৰি।
httpd ৰ বাবে connectiontimeout প্ৰাচল
httpd সেৱায় এটা নতুন connectiontimout প্ৰাচল অন্তৰ্ভুক্ত কৰে যি বেকএণ্ড সম্পূৰ্ণ হবলে এটা সংযোগ সৃষ্টিৰ বাবে সেৱা দ্বাৰা অপেক্ষা কৰিব লগিয়া সময় ধাৰ্য্য কৰে। এই প্ৰাচল ধাৰ্য্য কৰি, যেতিয়া Apache দ্বাৰা ল'ড নিয়ন্ত্ৰণ ব্যৱহাৰ কৰা হৈ আছে তেতিয়া ক্লাএন্টলে প্ৰেৰণ কৰা সময়অন্ত ত্ৰুটিসমূহ নাটকীয়ৰূপে ত্ৰাস হয়।
iptables পুনঃল'ড বিকল্প
iptables সেৱাসমূহে এতিয়া এটা পুনঃল'ড বিকল্প অন্তৰ্ভুক্ত কৰে যি মডিউলসমূহ আনল'ড/পুনঃল'ড নকৰাকে আৰু কোনো ইতিমধ্যে-স্থাপিত সংযোগ নেপেলোৱাকে iptables নিয়মসমূহ সতেজ কৰে।
RPM ৰ বাবে xz সমৰ্থন
Red Hat Enterprise Linux 5.8 ত, RPM এ LZMA ইনক্ৰিপষণ ব্যৱহাৰ কৰা পেকেইজসমূহৰ সংকোচন/অসংকোচন নিয়ন্ত্ৰণ কৰিবলে xz পেকেইজ ব্যৱহাৰ কৰে।
python-ctypes পেকেইজ
Red Hat Enterprise Linux 5.8 এ এটা নতুন python-ctypes পেকেইজ অন্তৰ্ভুক্ত কৰে। python-ctypes এটা python মডিউল যি Python ত C তথ্য ধৰণ সৃষ্টি আৰু পৰিৱৰ্তন কৰে, আৰু ফলনসমূহক চলমান লিঙ্ক লাইব্ৰেৰী (DLLs) অথবা অংশীদাৰী লাইব্ৰেৰীসমূহত কল কৰে। ই এই লাইব্ৰেৰীসমূহক শুদ্ধ Python ত অৱস্থাপনৰ অনুমতি দিয়ে। এই পেকেইজ iotop সঁজুলিৰ এটা নিৰ্ভৰশীলতা হিচাপে কাৰ্য্য কৰে।
unixOBDC ৰ 64-বিট সংস্কৰণ
unixODBC ৰ এটা নতুন 64-বিট সংস্কৰণ unixODBC64 পেকেইজৰ সহায়ত Red Hat Enterprise Linux 5.8 ত যোগ কৰা হৈছে। unixODBC64 পেকেইজৰ সৈতে, বিশেষ ডাটাবেইচ সমৰ্থন প্ৰদান কৰা দুটা পেকেইজ যোগ কৰা হৈছে: mysql-connector-odbc64 আৰু postgresql-odbc64। ব্যৱহাৰকাৰীসমূহ যিসকলে তৃতীয় -দল ODBC ড্ৰাইভাৰসমূহৰ সৈতে আন্তঃকাৰ্যকৰীতা কৰিব লাগে সিহতক unixODBC64 পেকেইজ ইনস্টল কৰি, তাৰ পিছত postgresql-odbc64 আৰু/অথবা mysql-connector-odbc64 পেকেইজসমূহ যদি প্ৰয়োজনীয় ইনস্টল কৰাৰ উপদেশ দিয়া হৈছে।
iotop সঁজুলি
এটা নতুন iotop সঁজুলি যোগ কৰা হৈছে। iotop এটা Python প্ৰগ্ৰাম যাৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ top সঁজুলিৰ সৈতে সদৃশ, আৰু প্ৰক্ৰিয়াসমূহ চলোৱাৰ বাবে অনবৰত I/O কাৰ্য্য পৰিসংখ্যা দেখুৱাৰ বাবে ব্যৱহৃত।
BD-capable gcc44 ৰ বাবে binutils
Red Hat Enterprise Linux 5.8 এ এটা নতুন binutils220 পেকেইজ প্ৰদান কৰে, যি gcc44 ৰ সৈতে কমপাইল কৰোতে BD নিৰ্দেশসমূহ ব্যৱহাৰ কৰিবলে সক্ষম। ই ব্যৱহাৰকাৰীসমূহক প্ৰগ্ৰামসমূহ যি AMD Bulldozer CPU বৈশিষ্টসমূহৰ সুবিধা লোৱা প্ৰগ্ৰামসমূহ নিৰ্মাণ কৰিবলে সামৰ্থবান কৰে।
এটা উন্নয়নৰ পিছত httpd সেৱা পুনৰাম্ভ
httpd পেকেইজ উন্নয়ন হোৱাৰ পিছত httpd সেৱাক স্বচালিতভাৱে পুনৰাম্ভ কৰা হয়।
Kerberos মিটমাঠৰ বাবে Curl সমৰ্থন
curl সঁজুলিয়ে এতিয়া দূৰৱৰ্তী মেচিনসমূহৰ সৈতে সলযোগ কৰিবলে Kerberos প্ৰমাণীকৰণ ব্যৱহাৰ কৰিলে মিটমাঠ প্ৰক্সি সমৰ্থন অন্তৰ্ভুক্ত কৰে। \n
vsftpd ৰ বাবে ssl_request_cert বিকল্প
vsftpd পেকেইজে এতিয়া এটা ssl_request_cert বিকল্প অন্তৰ্ভুক্ত কৰে যি ক্লাএন্ট প্ৰমাণপত্ৰ নীৰিক্ষণসমূহক অসামৰ্থবান কৰাৰ অনুমতি দিয়ে। যদি সামৰ্থিত, vsftpd এ আহি থকা SSL সংযোগসমূহত এটা প্ৰমাণপত্ৰ অনুৰোধ কৰে (বাধ্যমূলকভাৱে প্ৰোজনীয় নহয়)। এই বিকল্পৰ অবিক্লপিত সংহতি (/etc/vsftpd/vsftpd.conf নথিপত্ৰত) হল Yes
hwdata পেকেইজত যোগ কৰা ডিভাইচ IDসমূহ
hwdata পেকেইজে হাৰ্ডৱেৰ চিনাক্তকৰণ আৰু সংৰূপ তথ্য অভিগম আৰু প্ৰদৰ্শন কৰিবলে সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰে। নিম্নলিখিত হাৰ্ডৱেৰৰ বাবে ডিভাইচ IDসমূহ যোগ কৰা হৈছে:
  • Intel Core i3, i5, i7 আৰু অন্য প্ৰচেছৰসমূহ যাক পূৰ্বতে "Sandy Bridge" ক'ড নাম দিয়া হৈছিল
  • শেহতীয়া HP অনুকলিত Lights-Out 4 (iLO) ডিভাইচসমূহ
  • Atheros 3x3 a/g/n (Madeira) বেতাঁৰ LAN

পুনৰীক্ষণৰ ইতিহাস

পুনৰীক্ষণৰ ইতিহাস
পুনৰীক্ষণ 1-0Thu Feb 16 2011মাৰ্টিন পৰপচ
Release of the Red Hat Enterprise Linux 5.8 Release Notes